আজি মিত্ৰদল অগপৰ যোৰহাট জিলাৰ কাৰ্যালয়ত এক মত বিনিময় অনুষ্ঠানত অংশ লওঁ। এক আদৰপূৰ্ণ অনুষ্ঠানত সকলোৰে সম্ভাষণ আৰু স্নেহ লাভ কৰি আপ্লুত হৈছোঁ।

জিলাখনৰ মিত্ৰদলৰ কাৰ্যকৰ্তাসকলক এই সভাৰ মাধ্যমেৰে ৰাজ্য চৰকাৰৰ উন্নয়ন তথা প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাত নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাওঁ।

আজিৰ এই সভাত অগপৰ যোৰহাট জিলাৰ সভাপতি শ্ৰী সৌৰভ প্ৰাণ বৰা, বিজেপি যোৰহাট জিলা সভাপতি শ্ৰী কামাখ্যা মোহন দাস আৰু মিত্ৰদলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷





