অনিয়ম আৰু দুৰ্নীতিকাৰীৰ বিৰুদ্ধে সৰ্বতোপ্ৰকাৰে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰতিগৰাকী বিষয়ববীয়াই। এখন নিকা আৰু সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত বিষয়ববীয়া সকলৰ এনে সক্ৰিয় প্ৰচেষ্টাৰ বাবে পোনপ্ৰথমে মই সংশ্লিষ্ট প্ৰত্যেকগৰাকী বিষয়া-কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

শেহতীয়াকৈ, গোপন তথ্যৰ পম খেদি গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই গাঁৱৰ নতুন বালিজান প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ বাসিন্দা ৰিণ্টু দাসৰ বাসগৃহত বিভাগে এক অভিযান চলায়। “এলপিজি নিয়ন্ত্ৰণ আদেশ”ৰ দফা ৬ আৰু ৭(১)(চি) উলংঘা কৰাৰ ফলত ৰিণ্টু দাসৰ বিৰুদ্ধে বিভাগে এটি গোচৰ ৰুজু কৰে। এই অভিযানত তেওঁৰ বাসগৃহত ৭টা ভৰ্তি আৰু ৪ টা খালী এলপিজি চিলিণ্ডাৰ উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই অভিযানত বিভাগীয় বিষয়ববীয়া সকলক যথাসম্ভৱ সহায় আগবঢ়োৱা গোলাঘাট সদৰ আৰক্ষী বিষয়া গৰাকীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।