আজি কামৰূপ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী আৰু অনাময় সমিতিয়ে বেটকুছিস্থিত KRC প্ৰেক্ষাগৃহত আয়োজন কৰা ‘ঋতুস্ৰাৱ স্বাস্থ্য উদ্যোগ শিক্ষকৰ প্ৰশিক্ষণ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

মহিলা সকলৰ ঋতুস্ৰাৱ সম্পৰ্কীয় এই সজাগতা সভাখনিত মহিলাসকলে ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কত আলোচনা কৰা হয়। এয়া দুৰ্ভাগ্যজনক যে, সাম্প্ৰতিক সময়তো একাংশ ব্যক্তিৰ বাবে ঋতুস্ৰাৱ এক অস্পৃশ্য বিষয়। গতিকে, এনেক্ষেত্ৰত এই সজাগতামূলক পদক্ষেপৰ দ্বাৰা ৰাইজৰ মাজত সজাগ-সচেতনতাৰ বৃদ্ধি কৰিব পৰা যাব।

আশা কৰিছোঁ, এই অস্পৃশ্য বিষয়টো সমাজৰ পৰা অতি সোনকালে আঁতৰি যাব আৰু অনাগত দিনত ঋতুস্ৰাৱক প্ৰত্যেকেই প্ৰাকৃতিক ভাৱে আঁকোৱালি ল’ব। যাৰফলত, মহিলাসকল শাৰীৰিক আৰু মানসিক ভাৱে অধিক সবল হৈ উঠিব।
Attended the Menstrual Health Initiative Teacher’s training programme arranged by Water & Sanitation Committee. It is unfortunate that many are still unaware of safe menstrual hygiene practices & it is of utmost importance to take it to every house,every woman by such initiatives.





