আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ পানী আৰু অনাময় সহায়ক সংস্থা (WSSO) ৰ পণ্যাগাৰটো পৰিদৰ্শন কৰোঁ ৷

এই সংস্থাটোৰ অধীনৰ বিভিন্ন কাম-কাজৰ স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত বুজ লওঁ ৷ উল্লেখ্য যে, পানী আৰু অনাময় সহায়ক সংস্থাটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনে গ্ৰামাঞ্চলত প্ৰদান কৰি থকা পানী যোগান আঁচনি সমূহৰ খোৱা পানীৰ গুণগত মানদণ্ড পৰীক্ষণ কৰাৰ উপৰিও পৰীক্ষাগাৰৰ আন্তঃগাঁথনি উন্নয়নৰ চোৱাচিতা কৰে ৷ ইয়াৰোপৰি, এই সংস্থাই বহুকেইটা গুৰুত্বপূৰ্ণ কাম-কাজৰ নিৰীক্ষণ কৰে ৷

আজিৰ এই পৰিদৰ্শন কালত সংস্থাৰ বিষয়াসকলৰ পৰা কাম-কাজৰ বুজ লোৱাৰ লগতে পৰীক্ষাগাৰত পানীৰ মানদণ্ডৰ পৰীক্ষণ সন্দৰ্ভতো বুজ লওঁ ৷

Visited the office of Water and Sanitation Support Organisation (WSSO) warehouse under PHED in Guwahati, & appraised their work. WSSO conducts monitoring of the quality of water being provided in rural areas by the #JJM, in addition to a number of important functions.