অঞ্জন য’তেই আছে কুশলে থাকক, তেওঁৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওঁক ৷

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰট’ক’ল বিভাগৰ দায়িত্বত কৰ্মৰত হৈ থকা একনিষ্ঠ কাৰ্যকৰ্তা, উদ্যমী যুৱক অঞ্জন ডেকাই অলপতে আকস্মিক মৃত্যুক সাৱটি লয় ৷ আজি গুৱাহাটীৰ বেলতলাস্থিত বাসগৃহত এখন্তেক উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷

পৰিয়ালৰ সদস্য এজনৰ আকস্মিক বিয়োগে সকলোকে ম্ৰিয়মান কৰি তোলে ৷ ভাতৃপ্ৰতিম অঞ্জনো ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰে এগৰাকী উদীয়মান যুৱ নেতা আছিল ৷ অঞ্জনৰ মৃত্যুৱে গোটেই বিজেপি পৰিয়ালটোক শোকৰ সাগৰত পেলাই থৈ গ’ল ৷

ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অঞ্জন য’তেই আছে কুশলে থাকক, তেওঁৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওঁক ৷

৷৷ ঔঁম শান্তি ৷৷