পানী যোগান আঁচনিৰ যিকোনো বিসংগতি দৃষ্টিগোচৰ হ’লে শীঘ্ৰেই স্থানীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক যোগাযোগ কৰক আৰু ৰাজ্যৰ উন্নয়নৰ এজন সক্ৰিয় অংশীদাৰ হওঁক

পানী যোগান আঁচনিৰ যিকোনো বিসংগতি দৃষ্টিগোচৰ হ’লে শীঘ্ৰেই স্থানীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক যোগাযোগ কৰক আৰু ৰাজ্যৰ উন্নয়নৰ এজন সক্ৰিয় অংশীদাৰ হওঁক

সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আপোনালোক সকলোৰে কুশল কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ ৷ ‘জল জীৱন মিছন’ ৰ কাম অধিক ত্বৰান্বিত কৰাৰ বাবে আমি মিছনৰ অধীনত হোৱা কাম-কাজৰ বিসংগতি সমূহ শীঘ্ৰে নিষ্পত্তি কৰিবলৈ আমাৰ প্ৰচেষ্টা নিৰন্তৰ ভাৱে অব্যাহত আছে ৷ ৰাইজক অধিক সোনকালে এটুপি খোৱাপানী যোগান ধৰিবলৈ বিভাগ বদ্ধপৰিকৰ ৷

সেয়েহে আজি মই অসমৰ প্ৰতিখন জিলাৰ অন্তৰ্গত প্ৰতিটো সংমণ্ডলৰ একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ যোগাযোগ নম্বৰসহ নাম উল্লেখ কৰিছোঁ ৷ আপোনালোকে নিজৰ সংমণ্ডলৰ অধীনৰ পানী যোগান আঁচনিৰ যিকোনো বিসংগতি দৃষ্টিগোচৰ হ’লে তেখেতসকলক অৱগত কৰক আৰু ‘জল জীৱন মিছন’ ক আগুৱাই নিয়াত সহযোগিতা আগবঢ়াওক ৷ এয়া মোৰ আপোনালোকলৈ বিনম্ৰ আহ্বান ৷