“শ্বহীদৰ ত্যাগ
আৰু ৰঙা ৰক্তক
যেয়ে দিব খোজে অপবাদ
আগ্নেয় মন্ত্ৰ উচ্চাৰি তাৰ
দেশে দিব নিতে প্ৰতিবাদ…”

আজি ‘শ্বহীদ দিৱস’ উপলক্ষে পাঠশালাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনত দেশ আৰু জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে নিৰ্ভীকতাৰে নিজৰ জীৱন উছৰ্গা কৰা প্ৰতিগৰাকী পুণ্যাত্মা অমৰ শ্বহীদক শত সহস্ৰ প্ৰণাম জনাওঁ। আই অসমীৰ স্বাভিমান ৰক্ষাৰ্থে নিজৰ প্ৰাণ আহুতি দিয়া শ্ৰদ্ধেয় বীৰ শ্বহীদৰ ত্যাগ আৰু সাহসে আমাৰ উত্তৰ প্ৰজন্মক সদায় উদ্বুদ্ধ কৰি ৰাখিব ৷

ইয়াৰোপৰি, অসমবাসীৰ আশীৰ্বাদ আৰু সহযোগত আজি ৰাজ্য চৰকাৰে ৭ টা সফল মাহ অতিক্ৰম কৰা উপলক্ষে অঞ্চলটোৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা দুখীয়া পৰিয়ালক ‘মুখ্যমন্ত্ৰী সাহায্য পুঁজি’ ৰ প্ৰায় ৪২ খন চেক বিতৰণ কৰোঁ ৷ এই সাহায্যই তেখেতসকলক জীৱন যাত্ৰাত আগবাঢ়ি যোৱাত আৰ্থিক ভাৱে কিছু পৰিমাণে সহায় কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

এই চেক বিতৰণ কাৰ্যসূচীত মোৰ লগতে অসম গণ পৰিষদৰ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি শ্ৰী জিন্টু চৌধুৰী আৰু অসম গণ পৰিষদৰ নেতা শ্ৰী ধৰ্মেশ্বৰ ৰায়কে আদি কৰি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

Offered my tribute to the brave martyrs of Assam Agitation on the occasion of Swahid Diwas in a tribute ceremony organized at the AGP office in Pathsala.

Also, to offer assistance to the people suffering from various illnesses, distributed 42 cheques under the CM Relief Fund.





