আজি পাটাছাৰকুছি সমষ্টিত কলিতা জনগোষ্ঠীয়ে আয়োজন কৰা ন-খোৱা উৎসৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হওঁ ৷

ন-খোৱা হৈছে স্বাভিমানী অসমীয়া চহা ৰাইজে পালন কৰা এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি আমি সকলোৱে জানো।

উল্লেখ্য যে, এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।

ৰাইজৰ সৈতে এনেদৰে লগে-ভাগে এসাঁজ তৃপ্তিৰে খাই নথৈ আনন্দিত হৈছোঁ ৷ লগতে, কৃষিজীৱি ৰাইজক ন-খোৱা উৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ৷





