আজি টিহু অঞ্চলৰ হৰি মন্দিৰস্থিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

আজি টিহু অঞ্চলৰ হৰি মন্দিৰস্থিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

ইয়াৰ পূৰ্বে হৰি মন্দিৰত এভাগি সেৱা জনাই সকলোৰে কুশল কামনা কৰোঁ ৷ উল্লেখ্য যে, অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই ভৱনটিয়ে আগন্তুক দিনত স্থানীয় ৰাইজক উপকৃত কৰিব।

লগতে, এই ভৱনটিয়ে অঞ্চলটোৰ ৰাইজৰ সামাজিক- সাংস্কৃতিক দিশটো সবল কৰি তোলাৰ ক্ষেত্ৰত উদ্গনি যোগাব বুলি মোৰ দৃঢ়বিশ্বাস। এই শুভাৰম্ভণি কাৰ্যসূচীত মোৰ সৈতে নলবাৰী জিলাৰ উপায়ুক্ত শ্ৰীযুতা গীতিমণি ফুকনৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷