আজি বৰবাং স্থিত চৌখুটী লক্ষ্মীমন্দিৰ প্ৰাংগণত অনুষ্ঠিত চৌখুটি গোঁসাইঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অভিভূত হ’লো

আজি বৰবাং স্থিত চৌখুটী লক্ষ্মীমন্দিৰ প্ৰাংগণত অনুষ্ঠিত চৌখুটি গোঁসাইঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অভিভূত হ’লো। গোঁসাইঘৰত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই সদৌটিৰ মংগল কামনা কৰোঁ।

আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত নাগাৰা নামতো অংশগ্ৰহণ কৰি আনন্দিত হ’লো । নাগাৰা নাম নামনি অসমৰ অতিকৈ জনপ্ৰিয় পৰিৱেশ্য কলা। কেইবাজোৰা তাল, নাগাৰা, দবা হাতচাপৰি আদিৰে নাগাৰা নামৰ দলটিয়ে নাম পৰিৱেশন কৰে। অঞ্চলটোৰ নামধৰ্মী ৰাইজৰ সৈতে এই নাগাৰা নাম উপভোগ কৰি প্ৰশান্তি লভিলো ।

I feel blessed to be present at the Annual Foundation Day of Chowki Gohainghar held at The Chowkhuti Laxmi Mandir in Barbang, & offered my prayers to Gurujana.

Also joined the Nagara Naam, one of the most popular folk music of Assam, & enjoyed the serene atmosphere.