আজি লোক নিৰ্মাণ বিভাগ অধীনৰ বৰপেটা জিলাৰ চেঙা মৌজাৰ অন্তৰ্গত চেঙা গাঁৱৰ “চেঙা-দৌলাশালৰ পৰা চেঙা হৈ চেঙা-সৰ্থেবাৰী পথ” ৰ নিৰ্মাণ কাৰ্যৰ ৰাইজৰ সহযোগত শুভাৰম্ভ কৰোঁ

বিশ্ব বেংকৰ সাহাৰ্য্য পুঁজিৰ অধীনত ২০২০-২১ বৰ্ষৰ APART প্ৰকল্পৰ অনুমোদিত ১.৬০৫ কিঃমিঃ দৈঘ্যৰ এই পথটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ ৷ তাৰোপৰি, পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰে নিৰ্মিত ৬ নং চেঙা জিলা পৰিষদৰ অন্তৰ্গত “বৰপেটা দৌলাশাল গড়কাপ্তানি পথৰ পৰা হৰিশ পাটোৱাৰী” ৰ ঘৰলৈ যোৱা পথটোৰ ৰাইজৰ সহযোগত মুকলি কৰোঁ ৷

May be an image of 1 person and standing

এই দুয়োটি পথ নিৰ্মাণৰ ফলত স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া এটি সমস্যাৰ স্থায়ী সমাধান হ’ব আৰু যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰাৰ লগতে অঞ্চলবাসী ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷

May be an image of 2 people, people standing and indoor

ইয়াৰ লগতে, চেঙাস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোঁসাই থান খনি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ধৰ্মীয় ৰীতি নীতিৰ মাজত শুভ উদ্বোধন কৰোঁ ৷ থান খনিয়ে স্থানীয় ৰাইজক আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজক ঈশ্বৰৰ নাম শ্ৰৱণ-কীৰ্তন কৰি ভক্তিৰসত বিলীন হোৱাত সহায় কৰিব ৷

May be an image of 5 people and people standing

We launched the work of the Chenga-Daulashal PWD Road to Chenga-Sarthebari Road under the APART 2020-21 of 15th FC. It will solve a long-standing problem of the local people. In addition, inaugurated the Sri Sri Gohain Than of Chenga in the presence of devotees.

May be an image of 6 people, people standing and outdoors

May be an image of 1 person