আজি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঐতিহ্যমণ্ডিত কাশীৰ বিশ্বনাথ ধামৰ স্বকীয়তা সম্পূর্ণ অক্ষত ৰাখি সমগ্ৰ আধ্যাত্মিক তথা সাংস্কৃতিক পৰিৱেশৰ বিকাশ সাধন কৰি জনতাৰ বাবে মুকলি কৰিব।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই বর্ণাঢ্য কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টি বজালী জিলাৰ উদ্যোগত আৰু উত্তৰ-পূব বজালী মণ্ডলৰ সহযোগত উজান উলুৱাস্থিত শ্ৰীশ্ৰী ভোগেশ্বৰ দেৱালয়ত পূজা অৰ্চনা কৰোঁ।

লগতে, আজি এই দেৱালয়ত ২০১৮-১৯ বৰ্ষৰ বিধায়ক পুঁজিৰে নিৰ্মিত প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। এই প্ৰেক্ষাগৃহটোৱে আগন্তুক দিনত অঞ্চলটোৰ ৰাইজক কলা-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি মই আশাবাদী।

Under the initiative of BJP Bajali, offered my prayers at Sri Sri Bhogeshwar Devalay, in line with the inauguration of the #KashiVishwanathCorridor by Hon’ble PM Shri Narendra Modi Dangoria.

Also, glad to inaugurate the temple auditorium built with the 2018-19 MLA Fund.