সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস

আজি চিৰাং জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

কাৰ্যকৰ্তা সকলৰ অপৰিসীম প্ৰয়াসৰ বলতেই দলে উন্নতিৰ শিখৰত উপনীত হ’বলৈ সক্ষম হৈছে ৷ দলৰেই হওঁক বা চৰকাৰৰ হওঁক কোনো পদ চিৰস্থায়ী নহয়, এদিন নহয় এদিন এই পদ সলনি হ’বই ৷ সেয়েহে, সকলোৱে নিজ পদৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিব লাগিব ৷

বিজেপি, অগপ তথা ইউপিপিএল দলৰ প্ৰতিজন কাৰ্যকৰ্তাক অক্লান্ত প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ হেতু নিজ কৰ্মত ব্ৰতী হ’বলৈ আজিৰ সভাত সকলোকে বিশেষ ভাৱে আহ্বান জনাওঁ ৷

এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক তথা বিজনীৰ বিধায়ক শ্ৰী অজয় ৰয়, বিটিআৰৰ উপাধ্যক্ষ শ্ৰী অভিৰাম মহানায়ক, চিৰাং জিলাৰ বিজেপিৰ সভাপতি শ্ৰী ৰিন্টু কুমাৰ দাস, চিৰাং জিলাৰ ইউপিপিএলৰ সভাপতি শ্ৰী গুণেশ্বৰ গয়াৰী, চুবৈজাৰৰ MCLA শ্ৰী প্ৰভাত বসুমতাৰী, ঠুৰিবাৰী মণ্ডলৰ সভাপতি শ্ৰী ধনজিত বৰ্মনকে আদি কৰি দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।