আজি ধুবুৰী জিলাত অভিভাৱক মন্ত্ৰী হিচাবে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ লক্ষীগঞ্জ আৰু ফুটকিবাৰী গাঁও পঞ্চায়তৰ এলেংমাৰী, নয়াপাৰা, ভালুকভাষানী আৰু বাকুৱাভাঙী আদি গাঁৱৰ দাঁতি কাষেৰে বৈ যোৱা গৌৰাং নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰোঁ ৷

এই পৰিদৰ্শন কালত গৌৰাং নদীয়ে সৃষ্টি কৰা খহনীয়াৰ শেহতীয়া স্থিতি সম্পৰ্কে বুজ লোৱাৰ উপৰিও স্থানীয় নাথ জনগোষ্ঠীয় মহিলা সকলৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লওঁ ৷

অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি আটাইকেইটা অঞ্চলৰ ৰাইজৰ জীৱন সুৰক্ষিত কৰাৰ লগতে পশুধন আৰু সা-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে যাৱতীয় সকলো পদক্ষেপ ল’বলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ প্ৰদান কৰোঁ ৷

মই আশা ৰাখিছো, অতি সোনকালে এই অঞ্চল সমূহৰ নদীৰ গৰাখহনীয়াৰ সমস্যা সমাধান হ’ব আৰু ৰাইজৰ সুৰক্ষা সুনিশ্চিত হ’ব ৷ আজিৰ এই পৰিদৰ্শন কালত বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি (চিভিল), ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী জিলাৰ সভাপতি শ্ৰী প্ৰফুল্ল কলিতাৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
As the guardian minister of Dhubri, visited the erosion site of Alengmari, Bilasipara, caused by the Gaurang River. Interacted with the local people. Instructed concerned officials to take necessary steps to prevent erosion & ensure safety of the people, livestock & property.