আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা “সম্বৰ্ধনা অনুষ্ঠান” ত সম্বৰ্ন্ধিত ব্যক্তি হিচাবে উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ ৷

আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা “সম্বৰ্ধনা অনুষ্ঠান” ত সম্বৰ্ন্ধিত ব্যক্তি হিচাবে উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ ৷

সকলোৰে স্নেহভৰা আদৰ তথা সম্ভাষণে মোক আপ্লুত কৰিলে ৷

সভা সম্বোধন কৰি শিক্ষক-শিক্ষয়িত্ৰী তথা মৰমৰ ছাত্ৰ-ছাত্ৰী সকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ ৷ বিগত ১৯৭৯ চনৰ পৰাই এই মহাবিদ্যালয় খনে সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক উত্তৰণ ঘটাই মানৱ সম্পদ গঢ় দি আহিছে ৷

এই মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ মই আশা কৰিছোঁ, অনাগত দিনতো এই মহাবিদ্যালয় খনে অধিক সুখ্যাতি অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিব ৷

Honored to be present at the Felicitation Ceremony held at Nirmal Haloi College in Patacharkuchi today. Grateful to the teachers & students for the love & affection.

May they continue their academic work with dedication & passion.