অহা ২০২২ বৰ্ষৰ ৭, ৮ আৰু ৯ জানুৱাৰী তাৰিখে বজালী জিলাৰ নিত্যানন্দস্থিত বাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন হ’বলগীয়া “সোণালী জয়ন্তী” অনুষ্ঠানৰ আজি লাইখুটা স্থাপন কৰি আনন্দিত হৈছোঁ ৷ লগতে, বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অন্তৰংগ আলাপ কৰি উৎসাহিত হওঁ।

উল্লেখ্য যে, বজালী জিলাৰ ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানখনে বিগত ৫০ বছৰে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ লগতে মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আশা কৰোঁ, অনাগত দিনতো এই বিদ্যালয়খনে শৈক্ষিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশত পথ প্ৰদৰ্শকৰ ভূমিকা পালনেৰে অঞ্চলটোৰ ৰাইজক উদ্বুদ্ধ কৰিব।

Glad to be a part of Lai Khuta, primary post fixing, ceremony for the Golden Jubilee celebration of Bani HS School on 7, 8 & 9 Jan 2022 at Nityananda in Bajali. Interacted with the students.

Their contribution to the educational, cultural & intellectual fields are commendable.





