বজালী জিলাত চিকৰৈতা সাৰাংপুৰীয়া কৃষি প্ৰকল্পৰ সন্দৰ্ভত বিশেষ ৰাইজ মেল

আজি বজালী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন মৰ্কাৰ সমীপত এখনি “বিশেষ ৰাইজ মেল” সম্বোধন কৰোঁ ৷

আজিৰ এই ৰাইজ মেলৰ মুখ্য উদ্দেশ্য হৈছে – চিকৰৈতা সাৰাংপুৰীয়া কৃষি প্ৰকল্প ৷ এই কৃষিভূমি প্ৰায় ৪,০০০ বিঘাতকৈ অধিক মাটিৰে আবৃত ৷ এই খেতিপথাৰখন বহু বছৰ আগতে শস্যৰে নদন-বদন হৈ ভৰপূৰ আছিল যদিও বিগত কেইবছৰমানৰ পৰা এই বিশাল কৃষিভূমি পৰিতক্ত অৱস্থাত পিটনিৰ ৰূপ লৈছে ৷

আজিৰ সভাত ইয়াৰ মূল সমস্যা স্থবিৰ পানীভাগক উন্নত মান প্ৰক্ৰিয়াৰে উলিয়াই নিবৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বজালী উন্নয়ন খণ্ডৰ জৰিয়তে এটি আধুনিক প্ৰক্ৰিয়াৰ দ্বাৰা নলা (কেনেল) খন্দা প্ৰকল্পৰ আঁচনিৰ কাম আৰম্ভ কৰাৰ বাবে আলোচনা কৰা হয় ৷ ইয়াৰ লগতে, এই সাৰাংপুৰীয়া কৃষি প্ৰকল্পক এক উন্নয়নমুখী দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুকেইটা পৰিকল্পনা আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷ মই আশা কৰিছোঁ, মুঠ ২,৮৬,৭৮,০০০ টকা বিনিয়োগৰ এই কৃষি প্ৰকল্পই আগন্তুক দিনত অসমত এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰিব ৷

আজিৰ এই সভাত মোৰ সৈতে বজালী জিলাৰ উপায়ুক্ত, বজালী জিলা প্ৰশাসনৰ উচ্চ প্ৰদস্থ বিষয়াবৰ্গ, বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Ushering in an agrarian revolution with Chikroita-Sarangpuria Krishi Project

Addressed a Special Public Meeting at Morka, near NH 31, in Bajali Dist. & discussed ways to sustainably transform 4000 acres of swamp area into arable land with the construction of a canal under MGNREGA.