সৎসঙ্গৰ প্ৰধান আচাৰ্যদেৱ, নমস্য ব্যক্তি শ্ৰীশ্ৰী অশোক চক্ৰৱৰ্তী দেৱৰ পৰলোক গমনৰ খবৰ লভি অতিকৈ মৰ্মাহত হৈছোঁ

জয়গুৰু

সৎসঙ্গৰ প্ৰধান আচাৰ্যদেৱ, নমস্য ব্যক্তি শ্ৰীশ্ৰী অশোক চক্ৰৱৰ্তী দেৱৰ পৰলোক গমনৰ খবৰ লভি অতিকৈ মৰ্মাহত হৈছোঁ। আধ্যাত্মিক চিন্তা, চেতনাৰ মাজেৰে মানৱীয় প্ৰমূল্যৰে ভৰা অম্লান আদৰ্শৰে তেখেতে আমাক এখন সু-সমন্বয় আৰু শান্তিৰে ভৰা সমাজ গঢ়াৰ সক্ষম বাট দি থৈ গৈছে।

May be an image of 1 person and text

তেখেতৰ পৰলোক গমন আমাৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ অনুপস্থিতিৰ এই কৰুণ সময়খিনিত অগণন অনুগামীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছোঁ।