মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে প্ৰতিজন মন্ত্ৰীয়ে প্ৰতিমাহতে দলীয় কাৰ্যালয়ত কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰাটো বাঞ্চনীয় ৷

সেই উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত উপস্থিত হৈ দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে বিভিন্ন বিষয়ত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ ৷ দলৰ সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে এনেদৰে সহৃদয়মূলক বাৰ্তালাপ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷


এই কাৰ্যসূচীত মোৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভঁৰালী, বিধায়ক শ্ৰী মানৱ ডেকা, অৰ্থনৈতিক কোষৰ আহ্বায়ক ড° দেৱজিৎ মহন্ত, ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি কেইবাজনো কাৰ্যকৰ্তা ৷





