উদ্যম আৰু কৰ্মস্পৃহাৰে জীৱন সংগ্ৰামৰ সকলো প্ৰত্যাহ্বানক নেওচি আগবাঢ়িছে ৰাজ্যৰ মহিলা সমাজ

উদ্যম আৰু কৰ্মস্পৃহাৰে জীৱন সংগ্ৰামৰ সকলো প্ৰত্যাহ্বানক নেওচি আগবাঢ়িছে ৰাজ্যৰ মহিলা সমাজ

May be an image of 1 person and outdoors

মহিলা সবলীকৰণ তথা নাৰী সকলক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ‘অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান’ ৰ তৰফৰ পৰা বহু উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

May be an image of 7 people and people standing

শেহতীয়াকৈ কাজি নেমুৰ দৰে ঔষধি গুণসম্পন্ন টেঙাৰ খেতিৰে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সদস্য সকলক উপাৰ্জনক্ষম হ’বলৈ সহায় কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৷ আমাৰ সকলোৰে জ্ঞাত যে, গৰমৰ দিনবোৰত কাজি নেমুৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পায় ৷ তাৰোপৰি, এই কাজি নেমুৰ বহুত ঔষধি গুণো আছে বুলি আমি জানো ৷ এই সুযোগ গ্ৰহণ কৰি BMMU মাহমৰাৰ নিজখালৈঘুগুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ টাকৈ গ্ৰাম্য সংগঠনে মুঠ ৪,২০০ জোপা নেমু গছ আত্মসহায়ক গোট সমূহক প্ৰদান কৰে ৷

May be an image of 11 people, people standing and outdoors

উল্লেখ্য যে, উক্ত পঞ্চায়তৰ আত্মসহায়ক গোট সমূহৰ নাৰ্চাৰীৰ পৰা এই নেমু পুলিবোৰ সংগ্ৰহ কৰি তেওঁলোকক আগন্তুক দিনৰ বাবে উৎসাহিত আৰু অনুপ্ৰাণিত কৰে ৷

May be an image of 2 people and outdoors

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিজন বিষয়া এনেধৰণৰ পদক্ষেপ সমূহৰ বাবে ধন্যবাদৰ পাত্ৰ ৷ লগতে অসমৰ অন্য মহিলা সকলোকো মোৰ বিনম্ৰ আহ্বান যে, আপোনালোকেও এনেধৰণে স্বাৱলম্বী হ’বলৈ নিকটতম অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক ৷

May be an image of 3 people, tree and outdoors