বিধানসভা অধিবেশনৰ মাজতে আজি বজালীৰ কায়স্থবুঢ়া সভাক্ষেত্ৰত মুগুৰীয়া ভাতৃ সংঘৰ উদ্যোগত আয়োজিত বিশিষ্ট সমাজকৰ্মী প্ৰয়াত কন্দৰ্প শৰ্মা সোঁৱৰণী অসম ভিত্তিক দিবা-নৈশ প্ৰাইজমানী আমন্ত্ৰণমূলক “ভলীবল প্ৰতিযোগিতা” ত ক্ষন্তেক সময়ৰ বাবে উপস্থিত থাকি আনন্দিত হৈছোঁ।

ভলীবল নেখেলো যদিও খেলবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিজ দায়িত্ব পালন কৰি ভালপাওঁ। উল্লেখ্য যে, ক্ৰীড়াৰ ক্ষেত্ৰখনত বজালী জিলাই লাভ কৰা গতিশীলতাক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে আজিৰ যুৱপ্ৰজন্মই যথাসম্ভৱ বৰঙণি আগবঢ়াইছে।






