বৰপেটাৰোডৰ ৭ নং ৱাৰ্ডৰ শ্যামাপল্লী শনি মন্দিৰৰ পৰা শ্ৰী নিতাই দাসৰ গৃহলৈকে ব্লক দিয়া পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি বাজপেয়ী ডাঙৰীয়াৰ নামেৰে নামাকৰণ কৰা বৰপেটাৰোডৰ ৭ নং ৱাৰ্ডৰ শ্যামাপল্লী শনি মন্দিৰৰ পৰা শ্ৰী নিতাই দাসৰ গৃহলৈকে ব্লক দিয়া পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ ৷

এই পথটিয়ে আগন্তুক দিনত স্থানীয় ৰাইজক যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

এই শুভাৰম্ভ কাৰ্যসূচীত মোৰ সৈতে বৰপেটা জিলাৰ উপায়ুক্ত আৰু বিজেপি বৰপেটাৰোড মণ্ডলৰ সভাপতি শ্ৰী ৰাজেশ চৰকাৰ উপস্থিত থাকে ৷