প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আয়োজিত “সুশাসন দিৱস” ত উপস্থিত থাকি বৰেণ্য নেতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰোঁ।

ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ উদ্যােগত সৰভোগস্থিত কালি মন্দিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰদ্ৰষ্টা, মহীৰূহ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আয়োজিত “সুশাসন দিৱস” ত উপস্থিত থাকি বৰেণ্য নেতা গৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰোঁ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হয় ৷ প্ৰতিযোগিতা খনি উপভোগ কৰি অতিকৈ আনন্দিত হওঁ ৷

এই অনুষ্ঠানত মোৰ সৈতে চকচকা ব্লক মণ্ডলৰ সভাপতি শ্ৰী সম্পদ দাসকে প্ৰমুখ্য কৰি দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷