সুশাসন দিৱস উদযাপন

আজি বিশ্ববৰেণ্য নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিৱস উপলক্ষে আয়োজন হোৱা ‘সুশাসন দিৱস’ ৰ ভাৰতীয় জনতা পাৰ্টি, বজালী জিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

সভা সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা যুগদ্ৰষ্টা নেতা গৰাকীৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰোঁ ৷ তেখেতৰ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ হকে কৰা অপৰিসীম ত্যাগে আমাক সদায় অনুপ্ৰাণিত কৰে ৷

ভাৰতীয় জনতা পাৰ্টিয়ে সন্মানীয় বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটো ‘সুশাসন দিৱস’ হিচাবে পালন কৰি আহিছে ৷ আজি তেখেতৰ ৯৭ সংখ্যক জন্মদিনৰ পবিত্ৰ ক্ষণত আমি ৰাষ্ট্ৰৰ হকে সেৱাৰ মনোভাৱেৰে নিজৰ দায়িত্ব পালন কৰিবলৈ অংগীকাৰবদ্ধ হওঁ ৷

আজিৰ এই সভাত মোৰ লগতে বজালী জিলাৰ বিজেপিৰ সভাপতি শ্ৰী নগেন চৌধুৰী আৰু সহঃ প্ৰভাৰী শ্ৰী বেণুধৰ নাথকে প্ৰমুখ্য কৰি কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷