ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি অসম সাহিত্য সভাৰ ৫৩ তম্ পাঠশালা অধিবেশনৰ স্মৃতিগ্ৰন্থ “বজালী দৰ্পন” খনিৰ শুভ উন্মোচন কৰি আনন্দিত হৈছোঁ ৷

বজালী জিলাৰ বিভিন্ন সাহিত্য, সংস্কৃতি আৰু অন্যান্য দিশক সামৰি আটকধুনীয়াকৈ সজাই তোলা “বজালী দৰ্পন” স্মৃতিগ্ৰন্থ খনে পাঠক ৰাইজক উপকৃত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷ স্মৃতিগ্ৰন্থ খনিৰ সৈতে জড়িত উদ্যোক্তা সকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ আশা কৰিছোঁ, গ্ৰন্থখনিয়ে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিব ৷

আজিৰ এই শুভ উন্মোচনী সভাত অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷





