টিহু বনগাঁও পথৰ পৰা পূৱ হেলনা (ঠাকুৰীয়া পাৰা) গৰখীয়া গোসাঁইৰ থানলৈ আৰু টিহু বনগাঁও পথৰ পৰা এল পি স্কুল হৈ পূৱ হেলনালৈ পথ দুটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি বজালী জিলাত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন (SOPD-G) শিতানৰ অধীনত টিহু বনগাঁও পথৰ পৰা পূৱ হেলনা (ঠাকুৰীয়া পাৰা) গৰখীয়া গোসাঁইৰ থানলৈ আৰু টিহু বনগাঁও পথৰ পৰা এল পি স্কুল হৈ পূৱ হেলনালৈ পথ দুটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

ৰাইজৰ সহযোগত শুভাৰম্ভ কৰা দুয়োটা পথ ৰাইজৰ বাবে উৎসৰ্গা কৰি মই নথৈ আনন্দিত হৈছোঁ ৷

দুয়োটি পথে আগন্তুক দিনত হেলনাবাসী ৰাইজৰ যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লগতে আৰ্থ-সামাজিক দিশত বিশেষ সহযোগিতা আগবঢ়াব বুলি মোৰ দৃঢ়বিশ্বাস ৷