আজি বৰমচাৰিস্থিত কামৰূপ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ “সোণালী জয়ন্তী” অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ।

বিগত ৫০ বছৰ ধৰি বিদ্যালয়খনে ৰাজ্যখনৰ বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা মানসিক উৎকৰ্ষ সাধনত অৰিহণা আগবঢ়াইছে।

আজিৰ এই শুভক্ষণত বিদ্যালয়খনৰ প্ৰতিষ্ঠাতাৰ লগতে ইয়াত কৰ্মৰত প্ৰতিগৰাকী শিক্ষাগুৰুক আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আজিৰ এই সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰি উৎসাহিত হৈছোঁ। এখন অধ্যয়নপুষ্ট সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে শৈক্ষিক বিপ্লৱৰ প্ৰয়োজন । সমাজত মানৱ সম্পদ গঢ়িবলৈ, সামাজিক তথা শৈক্ষিক সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ সবলভাৱে শৈক্ষিক বিপ্লৱ গঢ়ি তোলাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই মনোনিৱেশ কৰিব লাগিব ।





