অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম ভট্টদেৱৰ সৃষ্টিৰাজি তথা সাহিত্যিক অৱদান সমূহৰ বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত আলোকপাত কৰোঁ

আজি পাটাছাৰকুছি সমষ্টিৰ নিত্যানন্দস্থিত শ্ৰীশ্ৰীদামোদৰ সেৱা সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কবিৰত্ন শ্ৰীশ্ৰীবৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ) ৰ ৩৮৪ তম পুণ্য তিৰোভাৱ তিথি (কথা-সাহিত্য দিৱস) উদযাপনৰ লগত সংগতি ৰাখি আযোজন হোৱা “ভট্টদেৱ বঁটা প্ৰদান অনুষ্ঠান” ত অংশগ্ৰহণ কৰোঁ ৷

অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম ভট্টদেৱৰ সৃষ্টিৰাজি তথা সাহিত্যিক অৱদান সমূহৰ বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত আলোকপাত কৰোঁ ৷

উল্লেখ্য যে, ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম ‘কথা-ভাগৱত’ ৰচনা কৰিছিল আৰু পিছত তেখেতে ‘কথা গীতা’, ‘কথা-ৰত্নাৱলী’ আদি গ্ৰন্থ ৰচনা কৰি আমাৰ সাহিত্যৰ পথাৰখন যুগ-যুগান্তৰলৈকে চহকী কৰি থৈ গৈছে ৷