আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত DREAMS Trust ৰ উদ্যোগত আয়োজন হোৱা “উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণত উদ্যমিতা” শীৰ্ষক আলোচনা চক্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

এইখিনিতে মই বিশেষ ভাৱে জনাব বিচাৰো যে, DREAMS Trust এ চাকৰি বিচৰা লোকসকলক চাকৰি প্ৰদানকাৰীলৈ ৰূপান্তৰ কৰি উন্নত কৰাৰ বাবে এক ষ্টাৰ্ট-আপ সংস্কৃতি আৰম্ভ কৰিছে।

আজিৰ এই আলোচনাচক্ৰ “উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণত উদ্যমিতা” ই বৰ্তমানৰ আৰ্থ-সামাজিক বিন্যাসত আমাৰ পৰম্পৰাগত কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণৰ পৰিৱৰ্তনশীল প্ৰৱণতা আৰু প্ৰযুক্তিৰ সৈতে ভালদৰে খাপ খোৱাত সহায় কৰি এক নতুন ধাৰণাৰ জন্ম দিব।
আজিৰ আলোচনাচক্ৰত উপস্থিত থকা প্ৰতিজনেই আগন্তুক দিনত সমাজৰ গ্ৰাম্য আৰু কৃষি উন্নয়নত যথেষ্ট অৰিহণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস ৷ মই ড্ৰীমছ ট্ৰাষ্ট আৰু সকলো অংশগ্ৰহণকাৰীক তেওঁলোকৰ এই মহান পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

আজিৰ এই আলোচনা চক্ৰখনত মোৰ লগতে বিশিষ্ট সমাজসেৱক মাননীয় শ্ৰীযুত বশিষ্ঠ মল্ল বুজৰবৰুৱা ডাঙৰীয়া, ড্ৰিমছ ট্ৰাষ্টৰ ডাইৰেক্টৰ শ্ৰী এ. কে. ত্ৰিপাঠী আৰু কিষাণ সংঘ, অসমৰ সভাপতি শ্ৰী কুৰুচাৰ টিমুং উপস্থিত থাকে






