পূব বজালী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰোঁ ৷ লগতে, আগন্তুক দিনত বিদ্যালয়খনত উদযাপন হ’বলগীয়া ‘সোণালী জয়ন্তী’ ৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লওঁ ৷

কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি পূব বজালী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰোঁ ৷ লগতে, আগন্তুক দিনত বিদ্যালয়খনত উদযাপন হ’বলগীয়া ‘সোণালী জয়ন্তী’ ৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লওঁ ৷

গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ গৰকা বিদ্যালয় খনৰ সোণালী জয়ন্তী অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰা হ’ব ৷ সেয়েহে, আজি বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সামগ্ৰিক দিশৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰোঁ ৷