বজালীৰ বৰবাং গাঁৱৰ গৌতম শৰ্মা এগৰাকী আদৰ্শ গো-পালক

বজালীৰ বৰবাং গাঁৱৰ গৌতম শৰ্মা এগৰাকী আদৰ্শ গো-পালক ৷ তেখেতে আঠ (৮) জনী গাই গৰু পালন কৰি প্ৰায় ১৫০ লিটাৰ গাখীৰ উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে ৷

এগৰাকী স্নাতক ডিগ্ৰীধাৰী যুৱক হোৱাৰ পিছতো নিজৰ একাণপতীয়া প্ৰচেষ্টাত আনকি নিজেই গাই গৰু কেইজনীক খাবলৈ দিয়া ঘাঁহ, মাকৈ আৰু গাজৰ আদিৰ খেতি কৰি আহিছে ৷ এনেদৰেই তেখেতে এগৰাকী স্বাৱলম্বী গো-পালক হিচাবে প্ৰতিষ্ঠা লাভ কৰিছে ৷

আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ মই নিজেই তেখেতৰ গো-পালন কৰা সমগ্ৰ কাম-কাজৰ পৰিদৰ্শন কৰোঁ ৷ লগতে, তেখেতক আগন্তুক দিনৰ বাবে অলেখ শুভকামনা জ্ঞাপন কৰোঁ ৷