আজি টিহু গান্ধী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত অনুষ্ঠিত ‘মণ্ডল প্ৰশিক্ষণ ও পৰিচয় বৰ্গ’ ৰ এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷

এই সভাত উপস্থিত মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ। আজিৰ এই সভাখনিয়ে মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰিব বুলি মোৰ দৃঢ়বিশ্বাস।

আশা কৰিছোঁ, অনাগত দিনত সন্মানীয় মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ মতাদৰ্শ, সংকল্প তথা দৃষ্টিভংগীৰ অধিক উত্তৰণ ঘটি দলক অধিক শক্তিশালী কৰি তুলিব।






