আজি টিহু টাউন কমিটিৰ উদ্যোগত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্যা সকলৰ সৈতে হোৱা এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ ৷

আত্মসহায়ক গোটৰ সদস্যা সকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰীকে ধৰি আন আন সামগ্ৰী সমূহৰ উৎকৃষ্ট প্ৰদৰ্শনে আজিৰ নাৰী যে প্ৰতিটো ক্ষেত্ৰতে আগৰণুৱা হৈ অসমৰ সামগ্ৰিক উন্নয়নত আগভাগ লৈছে সেয়া সুন্দৰকৈ প্ৰকাশ পাইছে ৷

আজিৰ এই সভাত গোটৰ সদস্যা সকলৰ লগত মত-বিনিময় কৰি অতিকৈ আহ্লাদিত হ’লো ৷ তেখেত সকলক মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ৷

লগতে, আগন্তুক দিনত যাতে অধিক সক্ৰিয়তাৰে নিজ কৰ্ম সম্পাদন কৰি ৰাজ্যৰ আৰ্থ-সামাজিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত এনেদৰেই অংশীদাৰ হয় তাৰেই আহ্বান জনাওঁ ৷





