আজি অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এটি ‘মিউজিয়াম হল’ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

এই মিউজিয়াম হলটোত আমাৰ কৃষ্টি-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত সম্পদ সমূহ সংৰক্ষণ কৰাৰ সু-ব্যৱস্থা কৰা হৈছে ৷ এই সম্পদ সমূহে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সু-পৰিচয় কৰাব আৰু আমাৰ ঐতিহ্য-পৰম্পৰাৰ বিষয়ে জ্ঞাত হোৱাত সহায় কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

Delighted to inaugurate a Museum Hall at Akoya High School.

The museum hall will help conserve valuable resources associated with our culture. I firmly believe that these resources will help students to learn about our cultural heritage.





