নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰাৰ সিদ্ধান্তৰ পিছত এইবাৰ কৃষি বিভাগ আগুৱালে মাটি মাহৰ ক্ৰয়ৰ বাবে ৷

নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰাৰ সিদ্ধান্তৰ পিছত এইবাৰ কৃষি বিভাগ আগুৱালে মাটি মাহৰ ক্ৰয়ৰ বাবে ৷

যিসকল মাটি মাহৰ খেতি কৰা খেতিয়ক আছে তেওঁলোকে যাতে আগন্তুক দিনত সকাহ পায় তাৰবাবে ভাৰত চৰকাৰে কৃষি বিভাগৰ জৰিয়তে আৰু নাফেডৰ জৰিয়তে মাটি মাহ ক্ৰয় কৰিব ৷ তাৰপৰিপ্ৰেক্ষিততে, আজি এখন সভা আহ্বান কৰিছিলে কৃষি বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৷

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা কৰ্পৰেচন লিমিটেডৰ লগত তথা ধান ক্ৰয়ৰ সৈতে জড়িত থকা বাবে আমাক এই সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল ৷

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইচেগতে মই ধন্যবাদ জনাইছো ৷ কিয়নো, এইবাৰ আমি ধান ক্ৰয়ৰ পিছতে মাটি মাহৰ ক্ৰয় কৰিবলৈ আগবাঢ়িছো ৷

আগন্তুক দিনত মাটি মাহৰ খেতি অসমত প্ৰচুৰ পৰিমাণে হোৱাৰ সম্ভাৱনা আছে ৷ যিহেতু, ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, লখিমপুৰ, যোৰহাট, বাক্সা আদি জিলা সমূহত মাটি মাহৰ উৎপাদন কৰা হৈছে ৷ এই পদক্ষেপৰ জৰিয়তে আগন্তুক দিনত মাটি মাহ খেতি কৰা কৃষক সকল লাভান্বিত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷