আজি ভাৰতীয় জনতা পাৰ্টিৰ পাটাছাৰকুছি মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এখনি দলীয় সভা সম্বোধন কৰোঁ ৷কাৰ্যকৰ্তা সকলৰ উৎসাহ-উদ্দীপনাৰ মাজত অনুষ্ঠিত হোৱা সভাখনিত উপস্থিত থাকি যথেষ্ট ভাল লাগিল ৷

আজিৰ এই সভাত দলৰ সাংগঠনিক দিশত কিছু আলোচনা কৰাৰ উপৰিও আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷ ৰাইজৰ আস্থা, বিশ্বাস তথা মৰমক সাৰোগত কৰি সকলোৱে ঐক্যবদ্ধ ভাৱে দলৰ সেৱা আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনাওঁ ৷

মই নিশ্চিত যে, পূৰ্বৰ নিৰ্বাচন সমূহৰ দৰেই এইবাৰো আমি আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হ’ম ৷

Amidst our enthusiastic Karyakartas
Addressed a party meeting organized by the BJP Patacharkuchi Mandal Committee. Discussed the organizational aspects & about the upcoming municipal elections.





