বজালী জিলাৰ চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্পৰ সন্দৰ্ভত আজি দ্বিতীয়খন ৰাইজ মেল সম্বোধন

বছৰ বছৰ ধৰি উকা হৈ পৰি থকা পাটাছাৰকুছি আৰু বামুনকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন মৰ্কাৰ সমীপৰ বিশাল কৃষিভূমিক আধুনিক প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ জীপাল কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে ৷ প্ৰায় ৪০০০ বিঘা মাটিৰে আবৃত এই পৰিত্যক্ত ভূমিক কৃষিক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ এক পৰিকল্পনা মই নিৰ্বাচনৰ পূৰ্বেই কৰিছিলোঁ ৷ ইতিমধ্যেই যোৱা ৰাইজ মেলত এখনি উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে ৷

এই কমিটিখনে চাৰিওদিশ পৰিদৰ্শন কৰি প্ৰতিটো সম্ভাব্য গতিপথ জৰীপ কৰে ৷ এই কৃষিভূমিত বহু বছৰ ধৰি পিটনিৰ ৰূপ লৈ জমা হৈ থকা পানী ওলাই যাবলৈ প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খন্দাৰ ব্যৱস্থা কৰিলে প্ৰায় ৫.৫ কোটি টকা আনুমানিক প্ৰাককলন ব্যয় হোৱাৰ ধাৰণ কৰা হৈছে ৷ ইয়াৰ ফলত প্ৰায় এই অঞ্চলৰ ৪০০০ পৰিয়াল উপকৃত হ’ব ৷

এই বিষয়ে এটি খচৰা প্ৰস্তুত কৰি আজি দ্বিতীয় পৰ্যায়ৰ বিশেষ ৰাইজ মেল অনুষ্ঠিত কৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ইয়াৰ সু-ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷





