প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই বছৰেকত ১ লাখ টকা আয় কৰি অসমৰ জিডিপি বৃদ্ধি কৰাত অৰিহণা যোগাবলৈ আহ্বান…

প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই বছৰেকত ১ লাখ টকা আয় কৰি অসমৰ জিডিপি বৃদ্ধি কৰাত অৰিহণা যোগাবলৈ আহ্বান…

আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বজালীৰ উদ্যোগত তথা বজালী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এখনি সভাত আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক ঘূৰ্ণীয়মান পুঁজিৰ সৰ্বমুঠ ৪ কোটি ২৮ লাখ টকাৰ চেক প্ৰদান কৰোঁ ৷

বৰ্তমান অসমৰ বিভিন্ন আত্মসহায়ক গোটত প্ৰায় ৩০ লাখ মহিলা সদস্য আছে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহ্বান জনাইছে যে, প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই যাতে বছৰি ১ লাখ টকাকৈ আয় কৰিব পাৰে তাৰবাবে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি লয় ৷ আৰু ৩০ লাখ সদস্যাই যদি প্ৰত্যেকেই বছৰি ১ লাখ টকাকৈ আয় কৰে তেতিয়াহ’লে নিশ্চিত ৰূপত অসমৰ জিডিপিত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

আজিৰ এই সভাত মোৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱা আৰু জিলা উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱচৌধুৰী উপস্থিত থাকে ৷