আজি ইংৰাজী ০১/০১/২০২২ তাৰিখে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ পাঠশালাৰ কলেজ ৰোডত ভ্ৰাম্যমাণ নাট্যজগতৰ দুই পুৰোধা ব্যক্তি ভাৰতবৰ্ষত ভ্ৰাম্যমাণ নাটকৰ জনক প্ৰয়াত অচ্যুত লহকৰ ডাঙৰীয়া আৰু মঞ্চৰত্ন ৰতন লহকৰ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰোঁ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ দ্বাৰা অসমীয়া সংস্কৃতিৰ পথাৰখন চহকী কৰি তুলিছিল এই দুগৰাকী মহীৰূহে। স্বকীয় প্রতিভা, সাধনা, কর্মদক্ষতা আৰু শৈল্পিক নিপুণতাৰে অসমৰ ভ্রাম্যমাণ নাট্য জগতক অনন্য মাত্রা দিবলৈ সক্ষম হোৱা এই দুয়োগৰাকী পুৰুধা ব্যক্তিক মই পুনৰবাৰ স্মৰণ কৰিছোঁ।

লগতে, অঞ্চলটোক শুৱনি কৰিবলৈ নিৰ্মাণ কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ মহান কাণ্ডাৰী দুজনৰ প্ৰতিমূৰ্তি দুটি আটোম-টোকাৰীকৈ ৰাখিবলৈ ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান জনালোঁ ৷

আজিৰ এই কাৰ্যসূচীত মোৰ লগতে অসম সাংস্কৃতিক বিভাগৰ বিষয়া তথা জিলা উপায়ুক্ত গৰাকী উপস্থিত থাকে ৷





