জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰ 

আজি নতুন বছৰৰ পহিলা দিনটোতে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে আয়োজন হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ টিহু নগৰ প্ৰাথমিক শাখাৰ পবিত্ৰ নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানৰ শুভাৰম্ভ কৰোঁ ৷
সংঘৰ বাপসকল তথা আইমাতৃ সকলৰ উপস্থিতিত হৰিধ্বনিৰে গুঞ্জৰিত হোৱা এই আধ্যাত্মিক পৰিৱেশত অনুষ্ঠানৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হ’লো ৷
লগতে, আজি নৱবৰ্ষৰ প্ৰথম দিনটোত নতুনকৈ আসন প্ৰতিষ্ঠা হোৱা নামঘৰ ভাগিত ৰাজ্যবাসীৰ মঙ্গল কামনা কৰি গুৰুজনাৰ চৰণত সেৱা আগবঢ়াওঁ ৷

Pleased to inaugurate the Guru Asana Foundation Ceremony of the Tihu Nagar Primary Branch on the first day of the new year, organized by Srimanta Sankardev Sangha, Tihu. Offered my prayers to Gurujana & wished for the well-being of the people.