আজি তেজপুৰৰ নেহেৰু মৈদান (চাৰ্চফিল্ড) ত অনুষ্ঠিত ‘অসমী চৰচ মেলা’ ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অহা ১১ জানুৱাৰী, ২০২২ তাৰিখলৈকে অনুষ্ঠিত হ’বলগা এই মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ সদস্যাসকলে প্ৰস্তুত কৰি উলিওৱা হস্ততাঁত বস্ত্ৰশিল্প, হস্তশিল্পৰ লগতে বিভিন্ন প্ৰকাৰৰ খাদ্য-সামগ্ৰী উপলব্ধ কৰা হৈছে। এই চৰচ মেলাই ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক উপাৰ্জনৰ এক উপযুক্ত পথ প্ৰদান কৰি আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব বুলি মোৰ দৃঢ়বিশ্বাস।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত মোৰ সৈতে সাংসদ শ্ৰী পল্লৱ লোচন দাস, বিধায়কদ্বয় ক্ৰমে শ্ৰী গণেশ লিম্বু আৰু শ্ৰী পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱা উপস্থিত থাকে ।

Glad to inaugurate the Asomi Saras Mela 2022 held at Nehru Maidan (Churchfield) in Tezpur.

The initiative by ASRLM will open new avenues for self-reliant SHG members to display their handloom textiles, handicrafts & food products.