চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ ধূপধৰাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত “বুঢ়াদল সাংস্কৃতিক” সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ অন্তিম দিনাৰ অনুষ্ঠানত উপস্থিত থাকোঁ।

১৯৫৮ চনত ধূপধৰা অঞ্চলৰ কেইবাগৰাকী পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত জন্ম হয় “বুঢ়াদল” সাংস্কৃতিক সংঘৰ।
বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাৰ নীতি-আদৰ্শ ৰক্ষা কৰি এই অনুষ্ঠান আহি আজিৰ এই অৱস্থাত উপনীত হৈছে। উল্লেখ্য যে, অনুষ্ঠানৰ প্ৰতিখন সভা প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে আৰম্ভণিত প্ৰাৰ্থনা আৰু শেষত গুৰু বন্দনাৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সমাপন হয়।

সামগ্ৰিক ভাৱে অঞ্চলটিৰ উত্তৰ প্ৰজন্মক ইতিবাচক চিন্তা-চেতনাৰে সমৃদ্ধ সাংস্কৃতিক ভাৱে সম্ভ্ৰান্ত কৰি ৰখা তথা চহকী সংস্কৃতি, পৰম্পৰাৰ ৰক্ষাৰ্থে অবিৰত ভাৱে সেৱা কৰি অহা “বুঢ়াদল সাংস্কৃতিক” সংঘৰ এই উৎসৱস্থলীত আয়োজক আৰু স্থানীয় ৰাইজৰ আদৰ আৰু স্নেহ লভি ধন্য হ’লোঁ। সাংস্কৃতিক ভাৱে চহকী মনৰ ৰাইজৰ সৈতে সময়খিনি অতিবাহিত আৰু মত-বিনিময় কৰি আহ্লাদিত হওঁ।এই অনুষ্ঠানতে “হীৰক জয়ন্তী” উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ হোৱা স্মৰণিকা “বুঢ়াদল” ৰো শুভ উন্মোচন কৰোঁ।

Blessed to attend the last day of the glorious Budhadal Cultural Sangha’s Diamond Jubilee celebration held at Dhoopdhara in Goalpara Dist.
Started in 1958 by the principles of Sri Sri Mathura Das Budha Ata, I was enthralled by the age-old spirituality that still exists.