গোৱালপাৰা জিলাৰ ৰাংছাপাৰা গাঁৱত আজি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত “ৰাংছাপাৰা পানী যোগান আঁচনি”খনৰ শুভ উদ্বোধন কৰোঁ।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ এই ৰাংছাপাৰা গাঁও চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এশ শতাংশ স্বচ্ছ গাঁও। ৰাজ্যৰ এখন স্বচ্ছ গাঁৱলৈ পৰিণত হোৱাৰ ক্ষেত্ৰত গাঁওখনৰ প্ৰতিগৰাকী পুৰুষ-মহিলাৰ অৰিহণা সঁচাকৈয়ে উল্লেখনীয় আৰু সকলোৰে বাবে অন্যতম নিদৰ্শন স্বৰূপ।

গাঁওবাসীৰ স্বচ্ছতাৰ প্ৰতি আগ্ৰহ আৰু আন্তৰিকতাক প্ৰত্যক্ষ কৰি সঁচাকৈয়ে অভিভূত হৈছোঁ। গাঁওবাসীৰ এনে পদক্ষেপ সঁচাই অতি প্ৰশংসনীয় ।

আজি উদ্বোধন কৰা পানী যোগান আঁচনি খনৰ দ্বাৰা গাঁওবাসী যথেষ্ট উপকৃত হ’ব বুলি আশা কৰিছোঁ। আঁচনিখনৰ উদ্বোধনৰ লগতে দাঁতি-কাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সৈতে কিছু মত-বিনিময় অনুষ্ঠানতো অংশ লওঁ।

Rangsapara is the Govt recognized Cleanest Village of Assam.
Happy to inaugurate the Rangsapara Water Supply Scheme in Goalpara Dist in the presence of Dept officials & local people.




