১৮৬৫ চনত বৰপেটাৰ কেইবাগৰাকী দূৰদৰ্শী তথা সচেতন লোকৰ বিনম্ৰ প্ৰয়াসত এখন বেচৰকাৰী মধ্য ইংৰাজী স্কুল ৰূপে আৰু পৰৱৰ্তী সময়ত সেই সময়ৰ মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী, কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত নিয়মীয়া হাইস্কুল হিচাপে প্ৰতিষ্ঠা লাভ কৰা বৰপেটাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল ১৫০ বছৰত ভৰি দিবলৈ সক্ষম হৈছে।

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈ সমগ্ৰ অঞ্চলটি প্ৰজ্ঞাৰ পোহৰেৰে আলোকিত কৰিবলৈ সক্ষম হোৱা এই জ্ঞান মন্দিৰটিৰ ১৫০ বছৰীয়া জয়ন্তী স্থানীয় ৰাইজ, ন-পুৰণি ছাত্ৰ আৰু শিক্ষক সমাজ তথা বিদ্যালয় কৰ্তৃপক্ষৰ ব্যৱস্থাপনাত অতি উলহ-মালহেৰে উদযাপন কৰাৰ দিহা কৰা হৈছে।

আজি ঐতিহ্যমণ্ডিত বিদ্যালয়খনিত উপস্থিত হৈ ১৫০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি সম্পৰ্কে এক সভাত মিলিত হৈ ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষৰে বিশদ ভাৱে আলোচনা কৰাৰ লগতে এক পৰিকল্পনাও যুগুত কৰোঁ। জয়ন্তীৰ সৰ্বতোপ্ৰকাৰৰ সফলতাৰ হেতু সকলো পক্ষৰে সহযোগিতা কামনা কৰিছোঁ।






