মাণিকপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আজি মাণিকপুৰ চ’কত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হ’লো ৷

ৰাইজৰ স্নেহভৰা সম্ভাষণে মোক আগন্তুক দিনৰ বাবে নতুন উদ্যম প্ৰদান কৰিলে ৷ সমূহৰ সেৱাৰ বাবে অবিৰত ভাৱে নিজ কৰ্ম সম্পাদন কৰি আহিছোঁ আৰু আগলৈও কৰি যোৱাৰ অদম্য হেঁপাহ বুকুত বান্ধি ৰাখিছোঁ ৷

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটিত নিমন্ত্ৰণ কৰি মোক যি সন্মান প্ৰদান কৰিলে তাৰবাবে উদ্যোক্তা সকল আৰু উপস্থিত ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷





