আজি বৰপেটা জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত আৰু ক্লাৱ ৰাইনোৰ সহযোগত বৰপেটাস্থিত ক্লাৱ ৰাইনোত আয়োজিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অসম গৌৰৱ তথা অলিম্পিয়ান লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰোঁ।

অলিম্পিকত পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা অসম কন্যা লাভলীনা বৰগোহাঁই অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ বাবে গৌৰৱ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লাভলীনাৰ এই কৃতিত্বই আমাৰ যুৱপ্ৰজন্মক প্ৰেৰণা যোগোৱাৰ লগতে উঠি অহা খেলুৱৈসকলক নতুন উদ্যমেৰে আগুৱাই যাবলৈ উদ্বুদ্ধ কৰিব বুলি মোৰ দৃঢ়বিশ্বাস।

আশা কৰিছোঁ, অনাগত দিনত লাভলীনাৰ কষ্ট আৰু অধ্যৱসায় সফল হওঁক। অসম জীয়ৰী গৰাকী সফলতাৰ শিখৰলৈ আৰোহণ কৰক।





