
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, “জল জীৱন মিছন” ৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানী সংযোগ প্ৰদান কৰাৰ সমান্তৰালকৈ অঙ্গনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয় সমূহতো পৰ্যায়ক্ৰমে খোৱা পানীৰ সু-ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমানলৈকে অসমত মুঠ ২৬,৭৬৬ খন বিদ্যালয় আৰু মুঠ ১২,১৯৫ টা অঙ্গনবাড়ী কেন্দ্ৰত সকলো সময়তে টেপৰ দ্বাৰা খোৱা পানীৰ সংযোগ স্থাপন কৰা হৈছে ৷ যাৰ ফলস্বৰূপে, কণ কণ শিশু সকলৰ স্বাস্থ্য সুৰক্ষিত হোৱাৰ লগতে এটি সুস্থ পৰিৱেশ গঢ় লৈ উঠিছে ৷ আগন্তুক দিনত অধিক ৰূপত ইয়াৰ সু-ব্যৱস্থা কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ অবিৰত প্ৰচেষ্টা অব্যাহত আছে ৷