আজি বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰাঙ্গণত “৪২ তম সদৌ অসম আন্তঃজিলা (জুনিয়ৰ) বক্সিং চেম্পিয়নশ্বীপ ২০২২ ” ৰ বক্সিং ৰিঙৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ ৷

যিহেতু মই নিজেও এসময়ত ক্ৰীড়া জগতখনৰ সৈতে জড়িত আছিলো আৰু আজিও মোৰ ক্ৰীড়াৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে ৷ সেয়েহে, কিছুসময় অসম গৌৰৱ লাভলীনাৰ মুখ্য প্ৰশিক্ষক পদুম বড়োৰ লগত ৰিঙত বক্সিং কৰি খেলবিধৰ আনন্দ উপভোগ কৰোঁ ৷

বৰপেটা জিলা এমেচাৰ বক্সিং এচ’চিয়েনৰ উদ্যোগত আজিৰে পৰা চাৰিদিনীয়াকৈ আয়োজন কৰা এই বক্সিং প্ৰতিযোগিতা খনিয়ে খেলুৱৈ সকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে বুলি মই ভাবো ৷ লগতে, এনেধৰণৰ প্ৰতিযোগিতাই জিলাখনৰ উপৰিও ৰাজ্যৰ ক্ৰীড়াৰ জগতখনত প্ৰতিভাসম্পন্ন খেলুৱৈৰ সৃষ্টি কৰিব বুলি মোৰ বিশ্বাস ৷

প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মোৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷





