আজি বজালী জিলাৰ বৰবৰীস্থিত বাণী বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ “সোণালী জয়ন্তী উদযাপন” অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ ৷

বিগত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষত বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে ৷ ইয়াৰোপৰি, মানৱ সম্পদ গঢ় দিয়াৰ দৰে এক মহান দায়িত্ব পালন কৰি বিদ্যালয়খনে নিৰৱচ্ছিন্ন প্ৰচেষ্টা কৰি আহিছে ৷

আজি বিদ্যালয় খনৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাৰ্থী সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি অঞ্চলটোৰ লগতে ৰাজ্যৰ নাম জিলিকাই তুলিবলৈ আহ্বান জনাওঁ আৰু বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দক তেখেতসকলৰ মানৱ সম্পদ গঢ়াৰ অবিৰত প্ৰচেষ্টাক অভিবাদন জনাওঁ ৷

এই অনুষ্ঠানতে বিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা ‘বৰবৰী’ শীৰ্ষক স্মৃতিগ্ৰন্থখনিৰো শুভ উন্মোচন কৰোঁ ৷





