আৱাহন থিয়েটাৰৰ প্ৰযোজক শ্ৰী কৃষ্ণ ৰয় ডাঙৰীয়াৰ “আৱাহন গ্ৰুপ অৱ ইনষ্টিটিউচন” নামৰ প্ৰতিষ্ঠানটিৰ জৰিয়তে নতুনকৈ স্থাপন কৰা “আৱাহন কিডচ” শিক্ষানুষ্ঠানটিৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হ’লো ৷

আজি পাঠশালাত অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাটকগোষ্ঠী আৱাহন থিয়েটাৰৰ প্ৰযোজক শ্ৰী কৃষ্ণ ৰয় ডাঙৰীয়াৰ “আৱাহন গ্ৰুপ অৱ ইনষ্টিটিউচন” নামৰ প্ৰতিষ্ঠানটিৰ জৰিয়তে নতুনকৈ স্থাপন কৰা “আৱাহন কিডচ” শিক্ষানুষ্ঠানটিৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হ’লো ৷ লগতে, “আৱাহন কিডচ” নামৰ এখনি পুথিও উন্মোচন কৰোঁ ৷

সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশ, বিভিন্ন সা-সুবিধাৰে পৰিপূৰ্ণ, আমোদজনক কাৰ্যকলাপ, সুন্দৰ শিক্ষণ সঁজুলি আৰু পৰ্যাবৃত্ত বিৱৰ্তনৰ সুবিধা সম্পন্ন এই আৱাহন কিডচে আগন্তুক দিনত কণ কণ শিশুসকলক খেল-ধেমালিৰ মাধ্যমেৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

আৱাহন গোষ্ঠীৰ এই প্ৰচেষ্টাৰ সফলতা কামনা কৰিছোঁ আৰু তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷

এই শুভাৰম্ভ অনুষ্ঠানত মোৰ সৈতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷